দিনাংক: ২৯/১২/১১
পাতনি :
ৰাতিপুৱা ৮:৩০ মান বজাত ভন্টীয়ে টোপনীৰ পৰা উঠাই দিলে | যদিও ডিচেম্বৰৰ ঠান্ডাৰ শীত আৰু কম্বলৰ এৰি যাব নোৱাৰা সেই যুদ্ধ উপভোগৰ বাবে বিছনাৰ যি লুভণীয় প্রস্তাৱ; ভন্টীৰ মুখৰ পৰা মই বিছ্না এৰি নুঠালৈকে বাৰেপতি নিগত হোৱা “এলেহুৱা”, “কুম্ভকর্ণ” ইত্যাদি নামৰ শব্দ-বাণৰ আঘাতত বাৰুকৈ জুৰুলা হোৱাত, মই প্রকৄত যুদ্ধক্ষেত্রলৈ বুলি সাঁজো হঁও | আমাৰ ইয়াত আজি সেই বিখ্যাত “অসম বন্ধ” নামৰ “দিৱ্স” এটি অতি উলহ-মালহেৰে পালন কৰা হৈছে | কিন্তু ইচ্চ্যা প্রকাশ নকৰিলেও মই গর্বেৰে ক’বলৈ বাধ্য যে মোৰ ভন্টী ওচৰৰে “আৰ. ডি. জুনিয়ৰ কলেজ”ত পঢে; গতিকে মুখ ধোৱাৰ আগতেই মই তাইক যথা সময়ত কলেজত থৈ আহিবলৈও বাধ্য | তাইক থৈ আহিয়েই মোৰ অন্য এক “কুম্ভ” বন্ধু ৰুপজ্যোতিক “ম’বাইল” দূৰ-সংযোগেৰে যোগাযোগ কৰিবলৈ চেষ্টা চলাঁও | পুৱাই মোৰ দিনটোলৈ সাঁচি থোৱা আশাবোৰত পানী নাধালি, বন্ধু “কুম্ভ”ই বহুপৰৰ পাছত “ম’বাইল”ৰ সেই সেউজীয়া “বুটাম”টো টিপিবলৈ সক্ষম হ’ল যেন পাঁও | সিফালৰ পৰা এটি সুস্থ-বেমাৰীৰ সু-মধুৰ স্বৰ মোৰ “ম’বাইল”ৰ সংগ্রাহক প্রণালীত ভাহি আহিল – ” হে…..ল্ল’…………” (…..তাৰ পাছ্ত একো শব্দ নাই | আকৌ টোপনিত বুৰ গ’ল যেন পাঁও 😉 )
আজি বন্ধুৰ লগত কাক্তী মিছ্ (বাইদেউ), তামুলী মিছ্ (বাইদেউ) আৰু (ডম্বৰুধৰ) শর্মা ছাৰৰ ঘৰলৈ গৈছিলো | কোনো “প্লান” নাছিল, হঠাতেই ওলাইছিলো | বহুদিনৰ মূৰত তিনিজন গুণীৰ সান্নিধ্যত দিনতো সাৰ্থক হ’ল | তিনিওজনৰ ঘৰতে হোৱা মোৰ চমু অভি্গ্যতা আৰু “শিকিবলগীয়া”খিনি ইয়াতে সকলোৱে পঢিব পৰাকৈ লিখিলো –
স্মৄতিৰ পট্ এক :
কাক্তী মিছ্ৰ ঘৰত পুৱা প্রায় ১০:২০ মান সময়্ত গৈ পাঁওগৈ | আজি যিহেতু আমাৰ বিখ্যাত “অসম বন্ধ”টো আছিল, গতিকে ভয়ে-ভয়ে আমি দুয়ুটাই “স্কুটি”ত গৈ ওলাঁওগৈ “মিছ্”ৰ ঘৰ | “ড্রাইভিং লাইসেন্স” নাচিল যদিও ভাগ্যক্রমে একো অঘটন নঘ্টাকৈ আমি উল্লেখ কৰা সময়ত গৈ মিছ্ৰ ঘৰ পাঁওগৈ | ওচৰৰে বন্ধু প্রান্জলেও ( ওৰফে “গেৰু” বা “আলু-কবি-মটৰ” বা “ভাইটি” বা “টোটা” বা “ভাটৌ” ) যি আমাৰ আমাক লগ দিলে | গৈ পাঁওতে দেঁখো, মিছে বাৰান্দাতে ৰ’দত কেঁচা হালধী শুকুৱাই আছিল | আমাক দেখি পাই ততা-ততৈয়াকৈ আহি বুকুত সাৱটি ধৰিলেহি | যি সকলে মিছ্ক ওচৰৰ পৰা পাইছে, তেঁওলোকক মিছ্ৰ আত্মিয়তাৰ কথা নক’লেও হ’ব যেন পাও আৰু যিসকলে পোৱা নাই, সেইসকলে বহু নতুন অভিগ্যতা এতিয়াও পোৱা নাই বুলি মই ধৰিম | এইখিনিতে মই এটি ভাল খবৰ দিব খুজিছো – অলপতে মি়ছ্ৰ “আইতাৰ সাধু” নামেৰে এখনি সুন্দৰ সাধুকথাৰ পুথি প্র্কাশ পালে | লগতে আমাৰ তিনিওটাৰ কাৰণে আটাইতকৈ ভাল খবৰ এইয়ে যে – মিছে আমাক একোখনকৈ পুথি উপহাৰ দিলে | বহু হাঁহি-ধেমালীৰ মাজতে আজি মিছ্ৰ পৰা আন এটি ভাল কথা শিকিলো – সঁচা মৰম বা শ্রদ্বাৰে আমি যেতিয়া আনক সাৱটি ধৰো, তেতিয়া সেই সাবুটৰ বিকিৰণে আপোনাৰ আৰু মোলৈ বোৱাই আনে ৰুপান্তৰৰ এক নতুন সোঁত ; আৰু আমি পৰিণত হঁও অন্য এক যোগাত্মক ব্যক্তিলৈ |
বি:দ্র: : আমি সকলোৱেই জানো বা যি সকলে এতিয়ালৈকে গম নাপাই, কাকতী মিছে (!) অহা ৩১/১২/১১ তাৰিখে “অফিচিয়েল নিয়্ম” (!!!) অনূসৰি আমাৰ বিদ্যালয়ৰ শিক্ষয়্ত্রী পদৰ পৰা অৱ্সৰ গ্রহন কৰিব | আমি যি সকল সদায় মিছ্ৰ আপোন বা যি সকলে মিছ্ক ভালপাঁও বা যি সকলে এতিয়াও গৈ মিছ্ৰ সেই ইংৰাজী ব্যাকৰণ “ক্লাছ্”ৰ “দুই-এচাত” খাই ইংৰাজী ব্যাকৰণ শিকিবলৈ বেয়া নোপোৱা, সেই সকললৈ এটি অনুৰোধ – এই নম্বৰটোত ( +৯১ ৯৮৫৪৫ ৬৫৮৮৭ ) এবাৰ যেন দূৰভাষৰ সংযোগেৰে মিছ্ৰ প্রকাশিত পুথিৰ বাবে অভিনন্দন জনোৱাৰ লগতে এষাৰ মাত দিয়ে; অথবা মিছ্ৰ ঘৰত গৈ মিছ্ৰ সৈতে এটি দুপৰীয়া বা আবেলি অকণমান সময় কটায় যেন | এইখিনিতে খাদ্যপ্রেমীসকললৈ আৰু এটি ভাল কথা জনাই থঁও – মিছ্ৰ চাহৰ টেবুলখন বহুতো সু-স্বাদু প্রকৰনেৰে ভৰপূৰ হৈ থাকে 😉
স্মৄতিৰ পট্ দুই :
শর্মা চাৰৰ ঘৰলৈ আমি আবেলি প্রায় ৫:০০ মান বজাত গৈ পাঁওগৈ | চাৰৰ আবেলি চাহ খোৱাৰ সময়তে গৈ পোৱাত, আমি দুয়োটাই অলপ সময় চাৰৰ ঘৰৰ বাৰান্দাতে অপেক্ষা কৰিলো | অলপ সময়ৰ পাছত, চাৰে মিনিটতে আমাৰ ওচৰলৈ আহি এটি হাঁহিৰে সুধিলেহি – “অ’ তোমালোক আহিলা |” আমিও সন্মতি জনাই চাৰক সুধিলো যে চাৰৰ আমালৈ চিনি পোৱাকৈ মনত পৰিছেনে ? চাৰক বেছি সময় বিমূৰত নেপেলাই আমিয়েই আমাৰ নিজৰ পৰিচয় দিলো – “চাৰ নমস্কাৰ | মোৰ নাম শ্রী হীৰেণ চন্দ্র গগৈ | মোৰ নাম শ্রী ৰুপজ্যোতি বৰগোঁহাই | আপুনি আমাক পঢুৱাইছিলে |”(বি:দ্র: : ইয়াতকৈ সুন্দৰ পৰিচয় দিয়া কিবা উপায় জনালে কৄতার্থ হ’ম |) তাৰ পাছতেই আমি ছাৰৰ লগত বহি মেলানি মেলো আমাৰ তৄতীয় শ্রেণী আৰু চতুর্থ শ্রেণীৰ চাৰৰ পৰা হাতৰ আখৰ শিকাৰ দিনবোৰলৈ – কেনেদৰে চাৰে আমাক “ব্লেক-বোর্ড”ত মাপনিৰে আঁচ টানি আঁকি হাতৰ আখৰৰ যত্ন লোৱাইছিল, পকোৱা আখৰ কেনেকৈ লিখিব লাগে তাৰ ভিন্ন “টিপ্ছ” দিছিল | এইখিনিতেই মোৰ সৰু মগজুৰ শিপাবোৰৰ মাজেদি পাৰ হৈ গ’ল নৱম শ্রেণীৰ ইংৰাজী পাঠ্য-পুথিৰ অর্ন্তগত মহাত্মা গান্ধীৰ “At the High School” নামৰ লেখাটোত পঢা সেই বাক্য কেইশাৰীলৈ – (….I saw that bad handwriting should be regarded as a sign of an imperfect education. I tried later to improve mine, but it was too late. I could never repair the neglect of my youth. Let every young man and woman be warned by my example, and understand that good handwriting is a necessary part of education. )
(বি:দ্র: : ইংৰাজীতে স্পীকিং – In every Indian, there is always a sleeping Gandhi waiting to awake. I, only, wish the morning comes a little earlier and the Cocks sleep a little not late.) চাৰৰ ক্লাচ্টো গালি নোখোৱাকৈ কেনেকৈ সোনকালে পাৰ হৈ যাওক আৰু কেতিয়া গৈ আমি ফিল্ড্ত খেলিম গৈ বুলি ৰৈ থকা, আমি “সূলাৰ ভায়েক মূলা”কেইটাই এতিয়াহে বুজি পাইছো – সুন্দৰ হাতৰ আখৰ যে সঁচাই অমূল্য | ইতিসময়তে, চাৰে “মোৰ বয়স প্রায় পঁচাশীমান হ’লগৈ যদিও তঁহতক বর্তমানৰ হাতৰ আখৰৰ নমুনা এটা দেখুৱাঁও” বুলি পলকতে নিজে অলপতে লিখা এটি লেখনী দেখুৱালে | অবাক সেই আমি কেইটাই উপায় নাপাই চাৰ আৰু চাৰৰ হাতৰ আখৰক এতিয়াও ডেকা বুলি ক’বলৈ বাধ্য | তিলটোকে তাল নকৰি, হাতৰ আখৰ ভাল কৰিবলৈ চাৰে আগবঢোৱা কেইটিমান টিপনী ইয়াতে লিখিলো – ১) আখৰবোৰ “গুট গুট”কৈ ফাঁক কৰি লিখিবা, ২) দুশাৰী বাক্যৰ মাজত সদায় অলপ ফাঁক ৰাখি লিখিবা |
স্মৄতিৰ পট্ তিনি :
সময় প্রায় ৫:৪৫ মান হঁওতে আমি তামুলী মিছ্ৰ ঘৰ পালোগৈ | মিছে অলপ দুখসনা মাতেৰে আমাক ভিতৰলৈ বহিবলৈ বুলি মাতি নিলে | ভিতৰলৈ গৈ পাই মিছ্ৰ মুখৰ পৰা খবৰটো গম পালো – মিছ্ৰ ঘৰৰ সেই মৰমীয়াল কুকুৰটো আৰু নাই | এইবাৰে প্রথম নহয়, আমি দুয়ুটাই আগতেও মিছ্ৰ ঘৰলৈ গৈছো – কিন্তু, প্রত্যেকবাৰেই মিছ্ত্কৈ আগতে মিছ্ৰ ঘৰৰ সেই মৰমীয়াল কুকুৰটোৱেহে আমাক “ভো-ভোৱাই” আগবঢাই নিয়েহি | এইবাৰৰ নির্জনতাখিনিত আমাৰ সেইখিনি বাৰুকৈয়ে ওপলব্ধি হ’ল | নিজৰ ভাল লগাজন বা মৰমৰ কোনোবাজন যেতিয়া আপোনাৰ মাজৰ পৰা আতঁৰি যায় তেতিয়া যি বুজাব নোৱাৰা দুখৰ ভাৰ পৰে, সেই দুখ সদায়েই ফূর্টিবান অৱস্থাত পোৱা মিছ্ৰ মনত আজি স্পষ্ট | নাজানো মিছ্ৰ দুখৰ লগত কিমান সমভাগী হ’ব পাৰিলো, কিন্তু মিছে কোৱা “তাৰ নামত ভকত মাতি নাম এষাৰ গুৱাবলৈ লৈছো” বোলা কথাষাৰে মোক চুই গ’ল | পুৱাই বাতৰি কাকতখন লৈ চকু ফুৰাঁওতেই মানুহে মানুহক মৰা-কটাৰ বাতৰি যেন তৃপ্তিৰে(!) পঢিবলৈ পোৱা; আপোনাৰ-মোৰ পোনপটীয়াকৈ পতা কঠিত ভাষা বুজি নোপোৱা সেই প্রাণীটোক আপুনি কিমান ভাল পালে বাৰু সেইষাৰ কথা ক’ব পাৰিব – আপুনি বা মই কেতিয়াবা হ’লেও ভাবিছোনে ?
সামৰণি :
What font/script is this post written in?
I could catch few phrases in English, that's it.
LikeLike
@Anupama:
It's written in Assamese/bengali font using Baraha. Alternately, you too can write it using the keyboard available here – http://learn.xobdo.org/unicode/xobdo-kb . Thank you 😉
LikeLike